Logo
image

"বিজেপিৰ বিৰুদ্ধে পুনৰ বিৰোধী ঐক্যমঞ্চ একত্ৰিত হ'ব"

'আমাৰ অসম'ৰ লক্ষীগঞ্জৰ প্ৰতিবেদকঃ "কংগ্ৰেছ নেতৃত্বই আমালৈ ফোন কৰিছে, পুনৰ বিৰোধী ঐক্যমঞ্চ একত্ৰিত হ'ব। দিল্লী নিৰ্বাচনৰ পিছতে কংগ্ৰেছ দলে পুনৰ বিৰোধী ঐক্যমঞ্চত চামিল হ'ল। এই সন্দৰ্ভত মোক ফোনযোগে অৱগত কৰিছে কংগ্ৰেছ নেতৃত্বই।" এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। শুকুৰবাৰে বিয়লি বিলাসীপাৰাৰ দুৰ্গম চৰাঞ্চলৰ দৈখোৱা বজাৰত ৰাইজৰ দলে আয়োজন কৰা বিশাল জনসভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বিধায়ক অখিল গগৈয়ে লগতে কয়, "মুছলমান ৰাইজে যদি এ আই ইউ ডি এফ দলক ভোট নিদিয়ে মই অখিল গগৈয়ে গেৰান্টি দিছো ২০২৬ৰ নিৰ্বাচনত উজনি অসমৰ হিন্দু ৰাইজে বি জে পিক ভোট নিদিয়ে। ৰাইজে আমাক শাসনৰ গাদীত বহুৱালে পাঁচ বছৰত অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিম, গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম, বৈধ ভাৰতীয় প্ৰতিগৰাকী নাগৰিকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব।"


আনহাতে বিধায়ক গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নী এলিজাবেথ আই এছ আইৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে সৰ্বভাৰতীয় কংগ্ৰেছৰ চৌহান উপাধিৰ এগৰাকী নেতাই উত্থাপন কৰা অভিযোগ মতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডুবাইত ডাঙৰ ডাঙৰ এপাৰ্টমেন্ট বনাইছে, হাউছিং ব্যৱসায় কৰিছে। দুয়োটা অভিযোগ যদি সঁচা হয় তেন্তে দুয়োটাৰ বিৰুদ্ধে চিবিআই তদন্ত হওক, দুয়োজনকে গ্ৰেপ্তাৰ কৰা হওক বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। সভাত বিধায়ক অখিল গগৈৰ সৈতে দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে। সভাত ২০২৬ৰ নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক ভোট প্ৰদান কৰি সাম্প্ৰদায়িক দল বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়।